যোৰহাট, 13 মাৰ্চঃ যোৰহাট লোকসভা সমষ্টিত 11 এপ্ৰিল অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ভোট দান কৰিব 1343875 জন ভোটাৰে ৷ বুধবাৰে যোৰহাট জিলা উপায়ুক্তৰ সভা গৃহত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে যোৰহাট জিলা উপায়ুক্ত ৰৌচনী অপৰাঞ্জেয় কৰতিৰে ৷
নিৰ্বাচন হৈছে গণতন্ত্ৰৰ উৎসৱঃ ৰৌচনী অপৰাঞ্জেয় - লোকলভা
যোৰহাট জিলাৰ লোকসভা সমষ্টিৰ জিলা আইকণৰূপে অভিনেত্ৰী গীতাৱলি ৰাজকুমাৰীক লোৱাৰ উপৰিও বিভিন্ন গানৰ মাজেৰে ভোটাৰসমূহক সজাগ কৰা হ'ব বুলি মন্তব্য উপায়ুক্ত ৰৌচনী অপৰাঞ্জেয় কৰতিৰ
উপায়ুক্ত গৰাকীয়ে কয় যে, যোৰহাট লোকলভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে 10 টা বিধানসভা সমষ্টি ৷ আনহাতে, টিয়ক আৰু ডেৰগাঁৱ সমষ্টিৰ ভোটাৰক সজাগ কৰিবলৈ বহু নতুন পদক্ষেপ হাতত লোৱা বুলিও সংবাদমেলত সদৰী কৰে উপায়ুক্ত গৰাকীয়ে ৷ ইয়াৰ ভিতৰত ভি ভি পেটৰ পৰীক্ষামূলক প্ৰদৰ্শনী অন্যতম৷ তাৰোপৰি জিলা আইকণৰূপে অভিনেত্ৰী গীতাৱলি ৰাজকুমাৰীক লোৱাৰ উপৰিও বিভিন্ন গানৰ মাজেৰে ভোটাৰসমূহক সজাগ কৰা হ'ব বুলি মন্তব্য কৰে উপায়ুক্ত ৰৌচনী অপৰাঞ্জেয় কৰতিৰে ৷
উল্লেখ্য যে, যোৰহাট লোকসভা সমষ্টিগত ৭ জন ডি ভোটাৰ থকা বুলি মন্তব্য কৰাৰ উপৰিও, নিৰ্বাচন গণতন্ত্ৰৰ উৎসৱ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই উপায়ুক্ত গৰাকীয়ে ।