অসম

assam

ETV Bharat / state

জাপানীজ এনকেফেলাইটিছত অসমত মৃত্যু 94 জনৰ - অসম

ৰাজ্যত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে সমান্তৰালকৈ সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ যোৱা দুদিনত ৰাজ্যখনত মৃত্যু হৈছে 12 জনকৈ লোকৰ ৷

জাপানীজ এনচেফেলাইটিছত অসমত মৃত্যু 94 জনৰ

By

Published : Jul 18, 2019, 5:06 PM IST

নিউজ ডেস্ক, 18 জুলাইঃ অসমত সংহাৰী ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ ৷ বুধবাৰ পৰ্যন্ত ৰাজ্যখনত মৃত্যু হৈছে 94 জন লোকৰ ৷ আনহাতে যোৱা দুটা দিনত মৃত্যমুখত পৰিছে 12 জনকৈ লোকে ৷ বৰ্তমানলৈকে ৰাজ্যখনত 406 টা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱাৰ বিপৰীতে যোৱা দুটা দিনত নতুনকৈ সংযোজিত হৈছে 32 টা ঘটনাৰ ৷ বুধবাৰে হাইলাকান্দি, কাছাৰ, নগাঁও, তিনিচুকিয়া জিলাত এজনকৈ লোকৰ মৃত্যুমুখত পৰে ৷

জাপানীজ এনচেফেলাইটিছত অসমত মৃত্যু 94 জনৰ

ইপিনে মঙলবাৰে আঠজন লোক মৃত্যমুখত পৰে ৷ লখিমপুৰ জিলাত 2 জন, কাছাৰ, ডিব্ৰুগড়, হালাইকান্দি, গোৱালপাৰা, কামৰূপ আৰু কৰিমগঞ্জত 1 জনকৈ লোকৰ মৃত্যু হয় ৷ উক্ত দিনটোত ৰাজ্যত সংঘটিত হৈছে 22 টা জাপানীজ এনচকেফেলাইটিছৰ ঘটনা ৷

ABOUT THE AUTHOR

...view details