অসম

assam

ETV Bharat / state

ভূত বাংলাত পৰিণত পাঠশালা উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ

২০১৬ চনৰ ১ মাৰ্চত উদ্ধোধন হোৱা কেন্দ্ৰত বৰ্তমান পৰ্যন্ত আৰম্ভ নহল শিক্ষাবৰ্ষ

barpeta

By

Published : Feb 24, 2019, 10:29 PM IST

barpeta

বৰপেটা, ২৪ ফেব্ৰুৱাৰীঃ ভূত বাংলাত পৰিণত পাঠশালাৰ উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ

শিক্ষাৰ্থীৰ পৰিৱৰ্তে সাপ ভেকুলীৰ বিচৰন থলী শ্ৰেণীকোঠা ।

বজালী মহকুমাৰ সদৰ পাঠশালাত ৰাজ্য চৰকাৰে কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছিল পাঠশালা উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ । ২০১৬ চনৰ ১ মাৰ্চত সেই সময়ৰ ৰাজ্যৰ জনস্বাস্হ্য কাৰিকৰী,সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী শুকুৰ আলী আহমেদে শুভ উদ্ধোধন কৰাৰ পাচতো বৰ্তমান পৰ্যন্ত শিক্ষাকেন্দ্ৰটোত শিক্ষাৰ্থীৰ নামভৰ্তি নতুবা শিক্ষাবৰ্ষ আৰম্ভ হৈ নুঠিল । তাৰোপৰি বিদ্যুৎ যোগানৰ বাবে সকলো ব্যৱস্থা কৰা হ'ল যদিও শিক্ষা কেন্দ্ৰটোত আজিলৈকে সংযোগ ন'হল বিদ্যুৎ ব্যৱস্হাৰ। শিক্ষাৰ ক্ষেত্ৰত আমুল পৰিৱৰ্তনৰ চিন্তা কৰা ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে এনে অৱস্থাত পৰি থকা শিক্ষা কেন্দ্ৰটোত দৃষ্টি পৰিবনে? শিক্ষা কেন্দ্ৰটোত আগন্তুক বৰ্ষৰ পৰা শিক্ষা বৰ্ষ আৰম্ভ হ'বনে? এনে বহু প্ৰশ্ন উত্থাপিত হৈছে এতিয়া পাঠশালাবাসীৰ মনত ।

ABOUT THE AUTHOR

...view details