অসম

assam

ETV Bharat / state

ৰাজ্যযুৰি পালন শ্ৰমিকৰ দিন - আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস

সমগ্ৰ বিশ্বই আজি উদযাপন কৰিছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস ৷ ১৮৮৬ চনৰ ১ মে'ত চিকাগোৰ হে'মাকেৰ্টত আৰম্ভণী হৈছিল শ্ৰমিক দিৱসৰ । মালিক পক্ষৰ শোষণ বিৰুদ্ধে আৰম্ভ হোৱা সেই যুঁজখন আজিও অব্যাহত। দৈনিক শ্ৰমৰ সময় 12ঘন্টাৰ পৰিৱৰ্তে 8 ঘন্টা নিৰ্দ্ধাৰণ কৰিবলৈ গৈ মৃত্যুবৰণ কৰিছিল চাৰিজনকৈ শ্ৰমিকে। শ্ৰমিকৰ তেজৰ ৰং লগা বস্ত্ৰকে নিজৰ চিহ্ন হিচাপে লৈ সেয়েহে আজিও শ্ৰমিক সমাজক প্ৰতিনিধিত্ব কৰা সংস্থাসমূহে ব্যৱহাৰ কৰি আহিছে ৰঙা ৰঙৰ পতাকা ৷

আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস

By

Published : May 1, 2019, 8:55 PM IST

নিউজডেস্ক,1মেঃৰাজ্যৰকামৰূপ,বঙাইগাঁও,ধেমাজি,গোলাঘাট,যোৰহাট,আমিনগাঁও,বকো,ৰঙিয়া,দীঘলী পুখুৰী,মালিগাঁও,তেজপুৰ,বোকাখাত আদি অঞ্চলত বিভিন্ন কাৰ্যসূচীৰে উদযাপিত হয় আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস ৷

ট্ৰেড ইউনিয়ন, চিটু, চাহ মজদুৰ সংঘ, উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মজদুৰ ইউনিয়নকে ধৰি বিভিন্ন সংস্থাসমূহৰ উদ্যোগত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস ৷

মে দিৱস অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহিৰ কৰা হয় সমদল ৷ কামৰূপ জিলাৰ বকো,ধেমাজি,তেজপুৰ,যোৰহাটত শ্ৰমিকৰ সমৰ্থনত উলিওৱা হয় বৃহৎ সমদল ৷বোকাখাতত শ্ৰমিক দিৱস উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে অসম চাহ মজদূৰ সংঘই ৷ মালিগাঁওত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মজদুৰ ইউনিয়নৰ সহযোগত এটি ৰক্তদান শিবিৰ অনুষ্ঠিত হোৱাৰ লগতে ছয়গাঁওৰ মাৰোৱাৰী চিকিৎসালয়ৰ সহযোগত অনুষ্ঠিত হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ৷ ৰঙিয়াৰ বেচৰকাৰী বাছ আস্থানত অনুষ্ঠিত কাৰ্যসূচীত শ্ৰমিক সুৰক্ষা আইনৰ ওপৰত ব্যাখ্যা আগবঢ়ায় বিশিষ্টা অধিবক্তা তথা প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ প্ৰাৰ্থনা নেওঁগে ৷

শ্ৰমিক দিৱসৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে আমিনগাঁও CITUৰ সভাপতি গবিন দাস, CITUৰ দক্ষিণ কামৰূপৰ মূখ্য আহ্বায়ক হিতেশ দাস, ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নুৰু আহমেদ লস্কৰ, ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা, CITUৰ সম্পাদক তপন শৰ্মা, ডাঃ পি মহেশ্বৰী, চাহ মজদূৰ সংঘ বোকাখাত শাখাৰ সভাপতি মদন তাঁতীকে ধৰি বহুসংখ্যক শ্ৰমিক নেতা তথা সাধাৰণ জনতাকে ধৰি সকলো শ্ৰেণীৰ ৰাইজে ৷

ABOUT THE AUTHOR

...view details