অসম

assam

ETV Bharat / state

উত্তৰ-পূবত নেৰানেপেৰা বৰষুণঃ তিনিতৰপীয়া সতৰ্কতা জাৰী - Regional Meteorological Center Guwahati

গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে জাৰী কৰিছে ৰেড এলাৰ্ট ৷ আগন্তুক পাঁচ দিনৰ বাবে আজিৰে পৰা সংস্থাই এইদৰে জাৰী কৰিছে সতৰ্কতা ৷

প্ৰতিনিধিত্বমুলক ছবি

By

Published : Jul 9, 2019, 10:40 PM IST

গুৱাহাটী, 9 জুলাইঃ অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আগন্তুক পাঁচদিন অব্য়াহত থাকিব ধাৰাষাৰ বৰষুণ ৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্য প্ৰদান কৰাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে জাৰী কৰিছে ৰেড এলাৰ্ট ৷

উত্তৰ-পূবত নেৰানেপেৰা বৰষুণঃ তিনিতৰপীয়া সতৰ্কতা জাৰী

অসমকে ধৰি চুবুৰীয়া ৰাজ্যসমূহত আগন্তুক পাঁচদিনলৈ জাৰী কৰা হৈছে তিনিতৰপীয়া সতৰ্কতা ৷ অসমৰ কোকৰাঝাৰ, বাক্সা আৰু চিৰাং জিলাত অহা 10 জুলাইত ৰেড এলাৰ্ট জাৰী কৰাৰ লগতে ধুবুৰী, বঙাইগাঁও, নলবাৰী, বৰপেটা, ওদালগুৰি, কাৰ্বি আংলং, বিশ্বনাথ, ধেমাজি, চৰাইদেউ, লখিমপুৰ, তিনিচুকীয়া আৰু ডিমা হাচঙত জাৰী কৰা হৈছে হালধীয়া সতৰ্কতা ৷ আনহাতে অসমক বাদ দি বাকীসমূহ ৰাজ্যত জাৰী কৰিছে কমলাৰঙী সতৰ্কতা ৷

ABOUT THE AUTHOR

...view details