গুৱাহাট, 12 মেঃ পুনৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক সাৱতি ল'লে ৰোগীয়ে ৷ মহানগৰীৰ আঠগাঁওস্থিত মাৰোৱাৰী হাস্পতালত সংঘটিত হৈছে এই ঘটনা ৷
কিশোৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত মাৰোৱাৰী মেটাৰনেটি হাস্পতাল - Bharalumukh Police Station
ভুল চিকিৎসাৰ বলি হৈ 11 বছৰীয়া কিশোৰে মৃত্যুক সাৱতি লোৱাৰ অভিযোগ ৷ মহানগৰীৰ আঠগাঁওস্থিত মাৰোৱাৰী হাস্পতালত সংঘটিত হৈছে এই ঘটনা ৷
![কিশোৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত মাৰোৱাৰী মেটাৰনেটি হাস্পতাল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3259450-612-3259450-1557650585406.jpg)
চিকিৎসকৰ গাফিলটিৰ বাবে মৃত্যু কিশোৰৰ
চিকিৎসকৰ গাফিলটিৰ বাবে মৃত্যু কিশোৰৰ
ঘটনা অনুসৰি বিগত 9 তাৰিখে চিকিৎসালয়খনত ভৰ্তি হয় শুভম ৰয় নামৰ এটি 11 বছৰীয়া কিশোৰ ৷ কিন্তু দুদিন চিকিৎসাৰ অন্তত যোৱা নিশা অৰ্থাৎ 11 তাৰিখে নিশাৰ ভাগত শুভমৰ মৃত্যু হোৱা বুলি অভিভাৱকক জনায় চিকিৎসালয় কৰ্তৃপক্ষই ৷ সাধাৰন বেমাৰত ভোগা শিশুটোৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷
শিশুটোৰ পৰিয়ালৰ লোকে ইয়াকে লৈ চিকিৎসালয়খনৰ ভিতৰত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ভৰলুমুখ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷