গুৱাহাটী, ১৩ ফেব্ৰুৱাৰীঃ বুধবাৰে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাৰ পাছতে ৰাজ্যৰ সকলো দল-সংগঠনক শুভেচ্ছা জ্ঞাপন বিধেয়কখনৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰি অহা বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইৰ। অনাগত দিনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকলৈ ৰাজ্যত অশান্তি সৃষ্টি হোৱাৰ সম্ভৱনা আছে বুলি মন্তব্য কৰি অসমৰ জনসাধৰণক সজাগ হ'বলৈও আহ্বান জনায় বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে।