নাৰেংগী, ৫ জুলাই : জনসাধাৰণলৈ উন্নত পথ সেৱা সুনিশ্চিত কৰাৰ উদ্দেশ্যেৰে শুকুৰবাৰে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তানী বিভাগৰ বিষয়া সকলৰ সৈতে চানমাৰি - নুনমাটি, নুনমাটি - নাৰেংগী আৰু ভি আই পি পথ পৰিদৰ্শন কৰে ৷ এই পথকেইটাৰ নলা - নৰ্দমা, পদপথ সমূহ মেৰামতি কৰাৰ লগতে 'পেভাৰ ব্লক' স্থাপন তথা প্ৰতিটো পথৰ দাঁতিত গছপুলি ৰোপনৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ।
নাৰেংগীত হিমন্ত বিশ্বৰ চাডেন ভিজিট - TRANSFORMATION AND DEVELOPMENT
পথ পৰিদৰ্শনৰ উদ্দেশ্যেৰে নাৰেংগী ভ্ৰমণ কৰে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । নলা-নৰ্দমা, পদপথ মেৰামতিৰ লগতে ঘাঁহ ৰোপনেৰে সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।
নাৰেংগীত পথ পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ
আনহাতে, ভি আই পি পথৰ মাজভাগ পৰিস্কাৰ কৰি ঘাঁহ ৰোপনেৰে সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰাৰ লগতে গুৱাহাটীৰ জি এছ ৰোড, ৰাধা গোৱিন্দ বৰুৱা পথ, এ টি ৰোডকে ধৰি প্ৰধান পথসমূহৰ বিভিন্ন স্থানত ফুট অ'ভাৰ ব্ৰীজৰ প্ৰয়োজনীয়তাৰ বিষয়েও বুজ লয় মন্ত্ৰী গৰাকীয়ে । এই সন্দৰ্ভত যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে গড়কাপ্তানী মন্ত্ৰী গৰাকীয়ে ।