গুৱাহাটী, 25 জুনঃ অসমৰ নিৰুদ্দিষ্ট যুৱক-যুৱতীৰ দলৰ সন্ধান দিবলৈ আৰক্ষীয়ে দাবী কৰিলে পাঁচ লাখ টকা ৷ খোদ জালুকবাৰী আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ ঘটনা অনুসৰি,ৰঙিয়াৰ পাপ্পু নামৰ এজন যুৱকে সামৰিক পোচাক পৰিহিত লোকৰ সৈতে মিলি দিল্লীত চাকৰিৰ প্ৰলোভন দি লৈ যায় অসমৰ বিশ-পচিশজনীয়া এটা যুৱক-যুৱতীৰ দল ৷
জম্মু-কাশ্মীৰলৈ যোৱাৰ পথত সন্ধানহীন অসমৰ যুৱক-যুৱতীৰ দল - আৰক্ষীৰ ধনদাবী
জম্মু-কাশ্মীৰত চাকৰিৰ প্ৰলোভনেৰে লৈ যোৱা অসমৰ যুৱকক অপহৰণৰ সন্দেহ
জম্মু-কাশ্মীৰলৈ যোৱাৰ পথত সন্ধানহীন অসমৰ যুৱক-যুৱতীৰ দল
দলটোৰ এজন যুৱক সুৰজ আলীয়ে পৰিয়ালৰ লোকক ফোনযোগে তেওঁলোকক জম্মু-কাশ্মীৰৰ ঘন জংঘললৈ লৈ যোৱাৰ কথা পৰিয়ালৰ লোকক জনায় ৷ পৰৱৰ্তী সময়ত দুৰ্ভগীয়া পৰিয়ালটোৱে আৰক্ষীৰ কাষ চপাত আৰক্ষীয়ে ওলোটাই পৰিয়ালটোৰ পৰা পাঁচ লাখ টকা দাবী কৰে ৷ সমগ্ৰ ঘটনাৰ পিচতে এতিয়া সুৰজৰ মাতৃয়ে কান্দি কান্দি আৰক্ষীৰ ওচৰত পুত্ৰক ঘুৰাই দিবলৈ অনুৰোধ জনাইছে ৷