অসম

assam

ETV Bharat / state

ৰাকেশ পালৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ভঙাগড় থানাৰ গোচৰত অসম লোকসেৱা আয়োগৰ পূৰ্বৰ অধ্যক্ষ ৰাকেশ পালৰ জামিন আবেদন নাকচ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে চতুৰ্থবাৰৰ বাবে নাকচ কৰিলে পালৰ জামিন আবেদন ৷

গুৱাহাটী উচ্চ ন্যায়ালয়

By

Published : Jun 13, 2019, 2:25 PM IST

Updated : Jun 13, 2019, 2:58 PM IST

গুৱাহাটী, 13 জুুনঃ চতুৰ্থবাৰৰ বাবে ৰাকেশ পালৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ ভঙাগড় থানাৰ গোচৰত অভিযুক্ত ৰাকেশ পালৰ বিৰুদ্ধে ন্য়ায়ালয়ত চলি আছে কেবাটাও গোচৰ ৷

ভঙাগড় গোচৰৰ বাবে পূৰ্বেও তিনিবাৰ জামিন আবেদন কৰিছিল ৰাকেশ পালে । পূৰ্বৰ তিনিবাৰৰ দৰে এইবাৰো নাকচ হয় পালৰ জামিন আবেদন ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বৰ তিনিবাৰৰ দৰে চতুৰ্থ বাৰো নাকচ কৰিলে জামিন আবেদন । ন্যায়াধীশ ৰুমী কুমাৰ ফুকনে 1503/2019 নম্বৰৰ জামিন আবেদন নাকচ কৰে ৷

Last Updated : Jun 13, 2019, 2:58 PM IST

ABOUT THE AUTHOR

...view details