অসম

assam

ETV Bharat / state

তেজপুৰৰ প্ৰাক্তন সাংসদ মণি কুমাৰ চুব্বাৰ পৰলোকপ্ৰাপ্তি - তেজপুৰৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ মণি কুমাৰ চুব্বা

দিল্লীৰ গুৰুগাঁৱৰ আৰটাৰী চিকিৎসালয়ত মৃত্যু হয় প্ৰাক্তন সাংসদগৰাকীৰ ৷ 2014 চনৰ পৰাই হৃদৰোগত আক্ৰান্ত হৈ আছিল মণি কুমাৰ চুব্বা ৷

etv bharat

By

Published : May 27, 2019, 1:30 PM IST

তেজপুৰ, 27 মে’: দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ থকাৰ পাচত সোমবাৰে ১২:৩০ বজাত চিকিৎসকে মৃত ঘোষণা কৰে তেজপুৰৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ মণি কুমাৰ চুব্বাক ৷ দিল্লীৰ গুৰুগাঁৱৰ আৰটাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন সাংসদগৰাকী ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬১ বছৰ ৷

দিল্লীৰ গুৰুগাৱৰ আৰটাৰী চিকিৎসালয়ত মৃত্যু হয় প্ৰাক্তন সাংসদগৰাকীৰ

১৯৫৮ চনৰ ১৬ মে'ত জন্ম গ্ৰহণ কৰা মণি কুমাৰ চুব্বাই 12, 13 আৰু 14 সংখ্যক সাধাৰণ নিৰ্বাচনত অৰ্থাৎ ১৯৯৮ চনৰ পৰা ২০০৯ চনলৈকে একেৰাহে ৩ বাৰকৈ কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াইছিল ৷ তেজপুৰৰ প্ৰাক্তন সাংসদ, নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়কৰ লগতে অসম গোৰ্খা সন্মিলনৰ সভাপতিও আছিল চুব্বা ৷

দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল চুব্বা

পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি মংগলবাৰে দিল্লীত শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন সাংসদগৰাকীৰ ৷

ABOUT THE AUTHOR

...view details