গুৱাহাটী,15মাৰ্চ: আগন্তক লোকসভা নিৰ্বাচনক লৈ নতুন ভোটাৰ সকলক সজাগ কৰাৰ উদ্দেশ্যে মহানগৰীত তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ে অনুষ্ঠিত কৰে এক সজাগতা আলোচনা । শুকুৰবাৰে মহানগৰীৰ খাদী আৰু উদ্যোগ গ্ৰামোনয়ন ব'ৰ্ডত আয়োজন কৰা এই সজাগতা আলোচনাত বিভিন্ন মহাবিদ্যালয়ৰ নতুন ভোটাৰ সকলে অংশগ্ৰহণ কৰে । আলোচনাত নতুন ভোটাৰসকলক বিভিন্ন বিষয়ৰ লগতে ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱা বিভিন্ন বাতৰিসমূহ কিদৰে পৰীক্ষা কৰিব লাগে এই বিষয়েও সজাগ কৰা হয় । ইপিনে এই আলোচনা সভাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে ।
মহানগৰীত ন ভোটাৰ সকলক লৈ সজাগতা আলোচনা - ছ'চিয়েল মিডিয়া
আলোচনাত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ
নিৰ্বাচনী বিষয়া
উল্লেখ্য যে, নিৰ্বাচন আয়োগে বিভিন্ন ছ'চিয়েল মিডিয়াৰ লগতে পেইড নিউজৰ ওপৰতো এইবাৰ তীক্ষ্ন দৃষ্টি ৰাখিব ।