গুৱাহাটী, 29 মে': ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ সংবাদমেল ৷ সংবাদমেলৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তদাৰকত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ সম্পূৰ্ণ কৰিবলৈ যাওঁতে যাতে কোনো প্ৰকৃত ভাৰতীয়ৰ নাম বাদ নপৰে ইয়াৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান মুখপাত্ৰগৰাকীৰ ।
বিজেপিয়ে হিন্দু বাঙালীসকলক হাৰাশাস্তি কৰিছেঃ অপূৰ্ব ভট্টাচাৰ্য
উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তদাৰকত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ সম্পূৰ্ণ কৰিবলৈ যাওঁতে যাতে কোনো প্ৰকৃত ভাৰতীয়ৰ নাম বাদ নপৰে ইয়াৰ ওপৰত গুৰুত্ব দিয়াৰ আহ্বান মুখপাত্ৰগৰাকীৰ ৷
ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ সংবাদমেল
এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিচতে সমগ্ৰ প্ৰক্ৰিয়াটো বিলম্ব কৰাৰ লগতে প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা পৰিলক্ষিত হোৱা বুলিও অভিযোগ তোলে মুখপাত্ৰ গৰাকীয়ে৷ বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাঙালীসকলক হাৰাশাস্তি কৰাৰো অভিযোগ তোলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই ৷
আৰু পঢ়কঃ আমিনগাঁও ৮০নং লাচিতগড় গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি