অসম

assam

ETV Bharat / state

নলবাৰীত মন্ত্ৰী নব দলেৰ প্ৰতিমূৰ্তি দাহ - naba dole

মন্ত্ৰী নব দলে আৰু বিধায়ক অশোক শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত যুৱ কংগ্ৰেছ সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

nalbari

By

Published : Mar 9, 2019, 9:44 PM IST

nalbari

নলবাৰী, 9 মাৰ্চঃ ৰাজ্যত লাখ লাখ মেধাৱী নিৱনুৱাৰ বিপৰতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পদসমূহত মন্ত্ৰী বিধায়কৰ আত্মীয়-কুটুম্বই নিযুক্তি লাভ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰীত ৷ মন্ত্ৰী নৱ দলে, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিজেপি নেতা-পালিনেতাৰ আত্মীয়-কুটুম্বই নিযুক্তি লাভ কৰাৰ পৰিপ্ৰেক্ষিত্ৰত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী সমষ্টিৰ যুৱ কংগ্ৰেছ সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ মন্ত্ৰী নব দলে আৰু বিধায়ক অশোক শৰ্মাৰ পত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে, দূৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনলীতাৰ কথা কোৱা বিজেপি চৰকাৰে নিজে এতিয়া দূৰ্নীতিত লিপ্ত হোৱা বুলিও অভিযোগ উত্থাপন কৰে ৷

ABOUT THE AUTHOR

...view details