ৰপেটা, 9 মাৰ্চঃ কলগাছিয়াত মন্ত্ৰী নৱ কুমাৰ দলে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
কলগাছিয়াত জ্বলিল সৰ্বানন্দ সোণোৱাল-নৱ দলেৰ পুত্তলিকা - naba dole
পঞ্চায়ত আৰু গ্ৰামোন্নয়নত নিযুক্তিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ প্ৰতিবাদ জনাই শনিবাৰে কলগাছিয়া ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ দুৰ্নীতিৰ আশ্ৰয় লৈ বক্ৰ পথেৰে চাকৰি দি সমগ্ৰ ব্যৱস্থাটো গেৰুৱাকৰণ কৰা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৰ কৰ্মীসকলে ।
barpeta
দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীলতানীতি গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰক এই নিযুক্তি বাতিল কৰি পুনৰ নতুনকৈ পৰীক্ষা পতাৰ দাবী জনায় সংগঠন দুটাৰ কৰ্মীসকলে ৷