অসম

assam

ETV Bharat / state

আজি লোকসভাত উত্থাপিত হ'ব অৰ্থনৈতিক সমীক্ষা - etv bharat

বাজেটৰ বাবে কিমান লাভদায়ক হ'ব এই অৰ্থনৈতিক সমীক্ষা

আজি লোকসভাত উত্থাপিত হ'ব অৰ্থনৈতিক সমীক্ষা

By

Published : Jul 4, 2019, 10:43 AM IST

দিল্লী, 4 জুলাইঃ মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ বাজেট উত্থাপনৰ পূৰ্বে আজি লোকসভাত উত্থাপিত কৰা হ'ব অৰ্থনৈতিক সমীক্ষা ৷ অৰ্থনৈতিক উপদেষ্টা কৃষ্ণমূৰ্তি সুব্ৰমণিয়ামে প্ৰস্তুত কৰিছে লোকসভাত উত্থাপিত হ'বলগা মোডী চৰকাৰৰ প্ৰথম অৰ্থনৈতিক সমীক্ষা ৷

2014 বৰ্ষত মোডী চৰকাৰৰ নেতৃত্বত দেশৰ অৰ্থনীতি 5 ট্ৰিলিয়ন বৃদ্ধি কৰাৰ উপৰিও কোনবোৰ দিশ মোডী চৰকাৰে উন্নত কৰিবলৈ প্ৰয়াস কৰিব সেই সম্পৰ্কে উল্লেখ কৰা হ'ব এই সমীক্ষাত ৷

উল্লেখ্য যে, সাধাৰণ বাজেট উত্থাপন কৰাৰ পূৰ্বে যিকোনো দেশৰ অৰ্থনৈতিক অৱস্থা উপস্থাপন কৰাটোকে অৰ্থনৈতিক সমীক্ষা হিচাপে ধৰা হয় ৷ যিকোনো চৰকাৰৰ বাবে অৰ্থনৈতিক সমীক্ষাক এক গুৰুত্বপূৰ্ণ ডকুমেণ্ট হিচাপে ধৰা হয় কাৰণ এই সমীক্ষাই সকলো অৰ্থনীতিৰ পৰা আৰম্ভ কৰি সকলো দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি উন্নয়নৰ সমীক্ষা প্ৰস্তুত কৰে ৷

ABOUT THE AUTHOR

...view details