গুৱাহাটী,৫ জুলাই : শুকুৰবাৰে ভৰলুমুখ আৰক্ষীয়ে ৪নং ৰেলৱে' গেটৰ পৰা গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক। আৰক্ষীয়ে ধৃত লোকজনৰ পৰা ৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে এখন স্কুটী,মোবাইল ফোনসহ নগদ ধন জব্দ কৰে। ধৃত সৰবৰাহকাৰীটোৰ নাম মহম্মদ নাছিৰুদ্দিন বুলি জানিবলৈ দিছে ভৰলুমুখ আৰক্ষীয়ে।
আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী - গ্ৰেপ্তাৰ
ভৰলুমুখ আৰক্ষীৰ জালত পৰিল মহম্মদ নাছিৰুদ্দিন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী । সৰবৰাহকাৰীটোৰ পৰা জব্দ ৯ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে এখন স্কুটী,মোবাইল ফোনসহ নগদ ধন ।
আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
উল্লেখ্য যে,দীৰ্ঘদিনৰ পৰাই মহানগৰীৰ বিভিন্ন স্থানত বহু ড্ৰাগছ সৰবৰাহকাৰীয়ে মাৰাত্মক ড্ৰাগছ যোগান ধৰি আহিছে। এক গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে ভৰলুমুখ আৰক্ষীয়ে নাছিৰুদ্দিনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি,সৰবৰাহকাৰীটোৰ হাতত বৃহৎ পৰিমাণৰ ড্ৰাগছ মজুত আছিল যদিও আৰক্ষী অহাৰ পূৰ্বে ড্ৰাগছ খিনি বিক্ৰী কৰা হয়।