গুৱাহাটী,16 মে’:দেশযুৰি আজি পালন কৰা হৈছে ৰাষ্ট্ৰীয় ডেংগু দিৱস। সমান্তৰালকৈ মহানগৰীৰ মালিগাঁৱৰ বৰিপাৰাস্থিত হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত কামৰূপ মহানগৰৰ উদ্যোগত জিলা স্বাস্থ্য সমিতিয়ে উদযাপন কৰে ৰাষ্ট্ৰীয় ডেংগু দিৱস।
মহানগৰীত পালন ৰাষ্ট্ৰীয় ডেংগু দিৱস - KAMRUP (M)
সমগ্ৰ দেশৰ লগতে সমান্তৰালকৈ মহানগৰীৰ মালিগাঁৱৰ বৰিপাৰাস্থিত হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত পালন কৰা হয় ৰাষ্ট্ৰীয় ডেংগু দিৱস ৷ কামৰূপ মহানগৰৰ উদ্যোগত জিলা স্বাস্থ্য সমিতিয়ে উদযাপন কৰে এই দিৱস ।
![মহানগৰীত পালন ৰাষ্ট্ৰীয় ডেংগু দিৱস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3298961-thumbnail-3x2-dengue.jpg)
মহানগৰীত পালন ৰাষ্ট্ৰীয় ডেংগু দিৱস
মহানগৰীত পালন ৰাষ্ট্ৰীয় ডেংগু দিৱস
উক্ত অনুষ্ঠানত উপস্থিত থাকে ডেংগু বিভাগ আৰু স্বাস্থ্য বিভাগৰ ডঃ উমেশ ফাংচুই, ডঃ পাৰ্চী চৌধুৰী,ডঃ কমেন্দ্ৰ নাথৰ লগতে বহু কেইজন চিকিৎসক আৰু কৰ্মচাৰী। এই অনুষ্ঠানতেই ডেংগুৰ সজাগতাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ৷ ডেংগু মহৰ প্ৰভাৱ মহানগৰ অঞ্চল সমূহত ৰোধ কৰিবলৈ সকলোকে নিজৰ-নিজৰ ওচৰৰ ঠাই সমূহ চাফ চিকুণকৈ ৰখাৰ বাবে অনুৰোধ জনায় বিভাগীয় কৰ্তৃপক্ষই।