অসম

assam

ETV Bharat / state

ৰাজ্যবাসীৰ বাবে দুটা সুখবৰ লৈ আনিছে পৰিবহণ বিভাগে - গুৱাহাটী

এতিয়াৰ পৰা ঘৰতে বহি বুক কৰিব পাৰিব ASTC ৰ টিকট ৷ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰশিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ যাতায়ত কৰিব পাৰিব অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছত

মুকলি হ'ল অসম ৰাজ্যিক পৰিবহণ নিগমৰ 'চলো' নামৰ মোবাইল এপ

By

Published : Jun 15, 2019, 11:41 AM IST

Updated : Jun 15, 2019, 11:55 AM IST

গুৱাহাটী,15 জুনঃ শুকুৰবাৰে মহানগৰীৰ জালুকবাৰীস্থিত ৰেডিচন ব্লু'ত মুকলি হ'ল অসম ৰাজ্যিক পৰিবহণ নিগমৰ 'চলো' নামৰ এটা মোবাইল এপ ৷ এই এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে পৰিবহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ এক অংশ হিচাপে মুকলি কৰা হয় এই এপটো। এপটোৰ জৰিয়তে যাত্ৰীসকলে ঘৰতে বহি বুকিং কৰিব পৰিব টিকট। তাৰোপৰি লাইভ লোকেশ্বন ট্ৰেকিঙৰো ব্যৱস্থা আছে এপটোত। ইফালে এই অনুষ্ঠানতে পৰিবহণ নিগমৰ কেইবাটাও পদ্ধতি অনলাইন কৰাৰ ব্যৱস্থা কৰে। এইবাৰ পৰিবহণ নিগমৰ বাছত প্ৰতিগৰাকী যাত্ৰীয়ে পাব ডিজিটেল টিকট। উল্লেখযোগ্য যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰশিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ জিলা পৰিবহণ বিভাগৰ বাছত যাতায়ত কৰিব পাৰিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। মেট্ৰিকত উত্তীৰ্ণসকলে ২ বছৰ আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ সকলে ৩বছৰৰ বিনামূলীয়া সেৱা লাভ কৰিব ।

মুকলি হ'ল অসম ৰাজ্যিক পৰিবহণ নিগমৰ 'চলো' নামৰ মোবাইল এপ


ইয়াৰোপৰি এই অনুষ্ঠানতে পৰিবহণ নিগমৰ পয়ালগা অৱস্থাটো নিজেই উদঙাই দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে। পূৰ্বৰ দৰে বাছৰ কণ্ডাক্টৰে বাছ ভাড়াৰ ক্ষেত্ৰত কোনো খেলিমেলি কৰিব নোৱাৰিব বুলিও কয় পাটোৱাৰীয়ে। আনহাতে শেহতীয়াকৈ উন্মোচিত হোৱা জালুকবাৰী আদাবাৰীৰ বাছ আস্থানৰ ছিণ্ডিকেটৰাজ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ হাতত লোৱা হ'ব বুলি জনাই মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়কঃ নুমলীগড় চাহ বাগিচাত কৃষি মন্ত্ৰী অতুল বৰা

Last Updated : Jun 15, 2019, 11:55 AM IST

ABOUT THE AUTHOR

...view details