গুৱাহাটী, 14 মে' : পূৰ্বৰ তুলনাত ডাগ্ৰছ আসক্ত, মানৱ সৰবৰাহ আৰু চাইবাৰ ক্ৰাইমকে ধৰি ভিন্ন অপৰাধমূলক ঘটনা বৃদ্ধি পোৱাত অপৰাধ অনুসন্ধান শাখাৰ বিশেষ পদক্ষেপ ৷ ৰাজ্যৰ বিদ্যালয় বিদ্যালয়ে আয়োজন কৰিছে সজাগতা সভাৰ ৷ গুৱাহাটীৰ তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ত সজাগতামূলক পাঠ্যক্ৰম অনুষ্ঠানত উপস্থিত থাকি চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান এল আৰ বিষ্ণই ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ।
ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে বিদ্যালয় বিদ্যালয়ে চি আই ডিৰ সজাগতা সভা - অসম
ড্ৰাগছৰ কৰাল গ্ৰাসত ৰাজ্য ৷ সমগ্ৰ অসমক ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্য আৰক্ষী প্ৰশাসনৰ । ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিদ্যালয় বিদ্যালয়ে চি আই ডিৰ সজাগতা সভা ৷

চি আই ডিৰ সজাগতা সভা
চি আই ডিৰ সজাগতা সভা
লগতে তেওঁ কয় যে, বিগত বছৰত সমগ্ৰ ৰাজ্যত ডাগ্ৰছ আসক্তৰ ওপৰত 450 টা গোচৰ ৰুজু হোৱাৰ লগতে 700 গৰাকী লোকক আটক কৰা হয় ৷ ইপিনে ৰাজ্যত বিগত বছৰত 30লাখ নিচাযুক্ত টেবলেটৰ লগতে 7 কেজি হিৰোইন লগতে 11 হাজাৰ কেজি গাঞ্জা জব্দ কৰা হৈছিল ৷