নতুন দিল্লী, 3 জুলাইঃ বহু বিতৰ্ক তথা প্ৰতিবাদৰ পিচতো নিজৰ স্থিতিত অটল থাকি বুধবাৰে কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে ৰাহুল গান্ধীয়ে ৷ 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় স্বীকাৰ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে গান্ধীয়ে ৷
অৱশেষত কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাবে পদত্যাগ ৰাহুল গান্ধীৰ - etv bharat
2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় স্বীকাৰ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে গান্ধীয়ে
অৱশেষত কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাবে পদত্যাগ ৰাহুল গান্ধীৰ
আনহাতে, অনতিপলমে খালী হৈ থকা কংগ্ৰেছৰ অধ্যক্ষ পদটোত কংগ্ৰেছী নেতাক নিযুক্তি দিব লাগে বুলি সদনত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত উল্লেখ কৰে ৰাহুল গান্ধীয়ে ৷
ৰাহুল গান্ধীয়ে কেইদিনমানপূৰ্বে অনানুষ্ঠানিকভাবে পদত্যাগ কৰা কথা প্ৰকাশ কৰাৰ পিচতে সমগ্ৰ দেশজুৰি কেইবাগৰাকীও কংগ্ৰেছী নেতাই পদত্যাগ কৰে ৷ নেতাগৰাকীৰ পদত্যাগক কেন্দ্ৰ কৰি মঙলবাৰে ৰাজধানীত প্ৰতিবাদত বহে কেইবাগৰাকীও নেতাই ৷