অসম

assam

ETV Bharat / state

ভাল কাম কৰিলে, ভাল ফল পায় :সৰ্বানন্দ সোণোৱাল

নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব বিজয়ৰ পাচতে দলীয় কৰ্মকৰ্তাৰ প্ৰশংসাত গদগদ হৈ পৰিল মুখ্যমন্ত্ৰী সোণোৱাল ৷ মুখ্যমন্ত্ৰীয়ে ক'লে, ভাল কাম কৰিলে, ভাল ফল পায় ৷

By

Published : May 23, 2019, 8:46 PM IST

Updated : May 23, 2019, 8:59 PM IST

ভাল কাম কৰিলে, ভাল ফল পায়...

গুৱাহাটী, 23 মে' : ঘোষণা হ'ল লোকসভা নিৰ্বাচন 2019ৰ ফলাফল ৷ পুনৰ মোডীময় হৈ পৰিল দেশ ৷ দ্বিতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি ৷ নিৰ্বাচনৰ এই অভূতপূৰ্ব বিজয়ৰ পাচতে দেশৰ কোটি কোটি বিজেপিৰ দলীয় কৰ্মকৰ্তাৰ প্ৰশংসাত গদগদ হৈ পৰিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ লগতে মুখ্য়মন্ত্ৰীগৰাকীয়ে ক'লে, ভাল কাম কৰিলে, ভাল ফল পায় ৷
ইপিনে প্ৰধানমন্ত্ৰী মোডীৰ সততা, নিষ্ঠা আৰু বলিষ্ঠ পদক্ষেপৰ বাবে ভাৰতৰ জনতাই মূল্যবোধৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ বাতাবৰণ লাভ কৰাৰ বাবেই পুনৰ সহযোগিতা আগবঢ়াইছে মোডীক ৷ মোডী, অমিত শ্বাহৰ অৰিহণাৰ বাবেই আজি বিজেপিয়ে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ভাল কাম কৰিলে, ভাল ফল পায়...
Last Updated : May 23, 2019, 8:59 PM IST

ABOUT THE AUTHOR

...view details