গুৱাহাটী, 20 জুলাইঃশনিবাৰে মহানগৰীৰ অন্যতম বশিষ্ঠ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দুটাকৈ মৌজাৰ 33খন সামৰি লোৱা থানাখনৰ নৱতম ভৱনটোত সকলো ধৰণৰ সুবিধা উপলব্ধ থাকিব ৷
নৱ-নিৰ্মিত বশিষ্ঠ থানা উদ্বোধন মুখ্যমন্ত্ৰীৰ - বশিষ্ঠ আৰক্ষী থানা
শনিবাৰে নৱ-নিৰ্মিত বশিষ্ঠ থানা উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
নৱ-নিৰ্মিত বশিষ্ঠ থানা উদ্বোধন মুখ্যমন্ত্ৰীৰ
আৰক্ষী আধুনিকীকৰণৰ মৈত্ৰী আঁঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা থানাখনৰ নতুন ভৱনটোৰ নামত ব্যয় কৰা হৈছে 1.8 কোটি টকা ৷ নতুন ভৱনটোত পৰামৰ্শ কক্ষ, চাইবাৰ চেল, শীত-তাপ নিয়ন্ত্ৰিত জিৰণী গৃহ, সভা-কক্ষকে ধৰি অন্য়ান্য সুবিধা উপলব্ধ থাকিব ৷ আজিৰ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপৰিও আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া, মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ, দিছপুৰ বিধায়ক অতুল বৰাৰ লগতে শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াসকল উপস্থিত থাকে ৷