গুৱাহাটী, 27 মাৰ্চ: শেহতীয়াকৈ, কামৰূপ মহানগৰীৰ পৰিবহণ বিভাগে মহানগৰীৰ চিটি বাছসমূহক লৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছিল ৷ পিছে, কাগজে কলমেহে কেৱল সীমাবদ্ধ থাকিল পৰিবহণ বিভাগৰ এই নিৰ্দেশনাসমূহ ৷ পূৰ্বৰ দৰেই চলি থাকিল মহানগৰীত চিটিবাছ ৷
কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ নিৰ্দেশনা জাৰি কৰাৰ এটা মাহ অতিক্ৰম হোৱাৰ পাচতো গুৰুত্বহীন হৈ পৰি থাকিল সকলোবোৰ নীতি-নিৰ্দেশনা ৷ বিশেষকৈ শেহতীয়াকৈ পৰিবহণ বিষয়া বাপন কলিতাই ঘোষনা কৰা নিৰ্দেশনা অনুসৰি 15 মিটাৰ দূৰৈৰ পৰাই দেখা পোৱাকৈ চালকৰ ফটো সংলগ্ন কৰা থাকিব লাগিব চিটি বাছসমূহত ৷ পিছে এই নিৰ্দেশনাক আওকাণ চিটি বাছ চালকে বেগতহে ভৰাই আনে নিজৰ ফটো ৷