অসম

assam

ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ বিজয় উল্লাস

By

Published : Feb 13, 2019, 7:29 PM IST

ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰাজ্যসভাত উত্থাপন নোহোৱাৰ পিচতে ৰাজ্যবাসীৰ মাজত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে । একেদৰেই আনন্দ উৎসৱ পালন কৰিছে অসমৰ খিলঞ্জীয়া ৰাইজে । ৰাজ্যবাসীৰ লগতে প্ৰদেশ কংগ্ৰেছতো ইয়াক লৈ বিজয় উল্লাস পালন কৰা দেখিবলৈ পোৱা গৈছে ।

ৰাজীৱ ভৱন

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰীঃ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাত ৰাজীৱ ভৱনত বিজয় উল্লাস পালন কংগ্ৰেছ কৰ্মীৰ । ইজনে সিজনক মিঠাই বিতৰণ কৰাৰ লগতে ফটকা ফুটাই নৃত্যৰ তালে তালে উদযাপন কৰিছে বিধেয়ক বিৰোধী সফলতা । ৰাজ্যসভাত বিধেয়কখন উত্থাপন নোহোৱাটো অসমীয়াৰ লগতে সমগ্ৰ উত্তৰ পূবৰ ৰাইজৰ জয় বুলিয়ে ৰাজীৱ ভৱনত এইদৰে বিজয় উল্লাস পালন কৰে ৰাজ্যৰ কংগ্ৰেছ কৰ্মীসকলে ।

ৰাজীৱ ভৱন

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূব উত্তাল হৈ থকাৰ মাজতে বিৰোধী দল সমূহেও বিভিন্ন সময়ত এই বিলখনৰ বিৰোধিতা কৰি আহিছে । লোকসভাত বিলখন গৃহীত হোৱাৰ পিছত যোৱা দুদিন ধৰি বিৰোধী দলসমূহে ৰাজ্যসভা উত্তাল কৰি ৰখাত এই বিতৰ্কিত বিলখন বুধবাৰে ৰাজ্যসভাত উত্থাপন নহ'ল ।

ABOUT THE AUTHOR

...view details