গুৱাহাটী, 3 জুলাইঃ মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটৰ ওপৰত সকলোৱে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ ৷ পূৰ্বৰ তুলনাতকৈ কিমান ব্যতিক্ৰম হ'ব এই বাজেট ৷ সৰ্বসাধাৰণৰ পৰা মন্ত্ৰীলৈ, সকলোৰে অপেক্ষা উত্থাপিত হ'ব লগা বাজেটৰ ওপৰত ৷
সমগ্ৰ দেশতে এই বাজেটক লৈ জল্পনা-কল্পনা অব্যাহত থকাৰ মাজতে কিন্তু ব্যতিক্ৰম নহয় অসমো ৷ অসম চৰকাৰৰ কেইবাগৰাকীও ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে অতি আশাৰে অপেক্ষা কৰিছে নিৰ্মলা সীতাৰমণৰ এই বাজেটখনলৈ ৷
বুধবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাজ্যৰ দুই কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই বাজেটে অসমলৈ আশাৰ বতৰা কঢ়িয়াব বুলি উল্লেখ কৰে ৷
কি ক'লে সিদ্ধাৰ্থ ভট্টাচাৰ্যইঃ