অসম

assam

ETV Bharat / state

বি এছ এন এলত ৪ জিৰ দাবী - 4G স্পেকট্ৰাম

১ লাখ ৭৪ হাজাৰ কৰ্মচাৰীয়ে ১৮ ফেব্ৰুৱাৰীত দেশজুৰি কৰিব প্ৰতিবাদ

BSNL

By

Published : Feb 15, 2019, 9:11 PM IST

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ ভাৰতৰ চৰকাৰী টেলিকম সেৱা প্ৰদানকাৰী সংস্থা বি এছ এন এলত বৰ্তমানলৈকে নাই ৪জি স্পেকট্ৰাম ব্যৱস্থা । যাৰ ফলত বহু সময়ত সংস্থাটোৱে হেৰুৱাব লগীয়া হৈছে গ্ৰাহক।

BSNL
শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে অল ইণ্ডিয়া ইউনিয়ন এণ্ড এছোচিয়েশ্যনছ অফ বি এছ এন এল আছাম টেলিকম চাৰ্কলৰ কৰ্মচাৰীসকলে । দীৰ্ঘদিন ধৰি বি এছ এন এলত ৪ জি স্পেকট্ৰামৰ দাবী উত্থাপন হৈ াহিছে যদিও চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।

আনহাতে, পেঞ্চনৰ সঠিক নীতি প্ৰৱৰ্তনৰো দাবী উত্থাপন কৰে কৰ্মচাৰীসকলে।১৮ ফেব্ৰুৱাৰীত সমগ্ৰ ভাৰতৰ ১ লাখ ৭৪ হাজাৰ কৰ্মচাৰীয়ে দেশজুৰি আন্দোলন কৰিব বুলিও সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে।

ABOUT THE AUTHOR

...view details