কামৰূপ, ১৬ ফেব্ৰডুৱাৰীঃ পাকিস্তানৰ লগত সকলো সম্পৰ্ক শেষ কৰিবলৈ চৰকাৰক আহ্বান সাংসদ বিজয়া চক্ৰৱৰ্তীৰ । সিন্ধু নদীৰ এটোপাল পানীও যেন পাকিস্তানলৈ নাযায় তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান কৰে বিজেপি সাংসদ গৰাকীয়ে। ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত সংঘটিত উগ্ৰপন্থীৰ আত্মাঘাটী আক্ৰমণত শ্বহীদ হোৱা চিআৰপিএফ জোৱান উদ্দেশ্যে ক্ষোভ প্ৰকাশ কৰি শনিবাৰে বৰঝাৰ বায়ুসেনা চাউনিৰ শ্ৰদ্ধাঞ্জলি অনুস্থানত এনেদৰে মন্তব্য কৰে বিজয়া চক্ৰৱৰ্তীয়ে। লগতে কাশ্মীৰৰ বৰ্বৰ আক্ৰমণৰ লগত চীন জড়িত থকা বুলিও মন্তব্য সাংসদ গৰাকীৰৰ।