গুৱাহাটী,22 মে' :14 দিনৰ আৰক্ষী জিম্মালৈ জুৰোড বিস্ফোৰণত জড়িত মূল অভিযুক্ত বিজয় অসমক। 5 জুনত পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব বিজয়ক ৷ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ ভাষ্য অনুসৰি,গ্ৰেণেড দলিওৱা বাইকখন চলাইছিল চিন্ময় লহকৰে আৰু বিজয় অসমে বাইকৰ পাচফালে বহি নিক্ষেপ কৰিছিল গ্ৰেণেড। ম্যানামৰত প্ৰশিক্ষণ লৈ থকা বিজয় অসমে যোৱা 8 মে'ত আহিছিল গুৱাহাটীলৈ। বিজয় অসমৰ পৰা বহু অপত্তিজনক নথি-পত্ৰৰ লগতে ম'বাইল ফোন উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষী আয়ুক্তই জনোৱা মতে বিজয়ক গ্ৰেপ্তাৰৰ পাচতে ইতিমধ্যে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। পৰৱৰ্তী দিনত আলফাই আৰু বহু কূটাঘাতমূলক পৰিকল্পনা কৰাৰ তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে। যাৰ বাবে সতৰ্ক হৈ আছে অসম আৰক্ষী যাতে কোনো কূটাঘাত সংঘটিত কৰিব নোৱাৰে ৷
জু-ৰোড বিস্ফোৰণ: আৰক্ষীৰ জিম্মালৈ মূল অভিযুক্ত বিজয় অসম - assam police
14 দিনৰ আৰক্ষী জিম্মালৈ বিজয় অসম ৷ বাইকৰ পাচফালে বহি গ্ৰেণেড নিক্ষেপ কৰিছিল বিজয়ে ৷
আৰক্ষীৰ জিম্মালৈ মূল অভিযুক্ত বিজয় অসম
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিজয় অসম ওৰফে পাপু ৰাজবংশীয়ে কেইবাটাও গোচৰত অভিযুক্ত হৈ আছিল। গাড়ী চুৰ আৰু এগৰাকী মহিলাক 2011 চনতে হত্যা কৰাৰ সন্দৰ্ভত গোচৰ আছে বিজয়ৰ বিৰুদ্ধে । 2013 চনত আলফাত যোগদান কৰিছিল বিজয় অসমে ।