শিলচৰ, ১২মাৰ্চঃ গোটেই দেশৰ লগতে বৰাক উপত্যকাৰ বঙালী লোকসকলৰ অস্তিত্ব সংকটত ৷ এই মন্তব্য অল বেংগলী য়ুথ এণ্ড ষ্টুডেন্টছ অৰ্গেনাজেশ্বনৰ কৰ্মী চন্দন চেটাৰ্জীয়ে ৷
বৰ্তমানে শিলচৰত থকা চন্দন চেটাৰ্জীয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেতবোৰ মন্তব্য প্ৰদান কৰে ৷ চন্দন চেটাৰ্জীয়ে কয় যে, "অসম এক ভয়ংকৰ পৰিস্থিতিৰ দিশে গতি কৰি আছে ৷ বাংলাদেশী খেদা আৰু এন আৰ চিৰ নামত বৰাক উপত্যকাৰ বঙালী লোকক হাৰাশাস্তি কৰিছে অসম চৰকাৰে ৷ বৰাক উপত্যকাৰ অন্য কোনো জাতি-জনজাতিৰ লোকে ভাৰতীয়ৰ প্ৰমাণ দিবলগা হোৱা নাই ৷ কেৱল বঙালীসকলেই ভাৰতীয় হোৱাৰ প্ৰমাণ পত্ৰ দিব লগা হৈছে ৷ বঙালী লোকসকলৰ প্ৰমাণ পত্ৰৰ বাবে নিৰ্ধাৰণ কৰি দিয়া পোন্ধৰখনকৈ নথিৰ নামটো হাৰাশাস্তিৰ সন্মুখীন হৈছে বঙালী লোকসকল ৷ বঙালীসকলৰ ওপৰত চলা অত্যাচাৰ অসাংবিধানিক, ভাৰত ৰাষ্ট্ৰ ইয়াৰ বাবে দায়ী ৷ বঙালীসকলৰ প্ৰতি বিদ্বেষী মনোভাৱেৰে কাম কৰিছে ৰাষ্ট্ৰই ৷"