অসম

assam

ETV Bharat / state

এতিয়া মহানগৰীলৈতো উপলব্ধ বৰিষ্টা কেফে - গুৱাহাটী

শ্ৰীলংকাত প্ৰথমে প্ৰতিষ্ঠা হোৱা এই বৰিষ্টা কেফে মহানগৰীত পোন প্ৰথমবাৰৰ বাবে মুকলি কৰে উদীয়মান যুৱক গৌতম দত্তই ৷

etv bharat

By

Published : May 29, 2019, 2:45 AM IST

গুৱাহাটী, 29 মে’: মংগলবাৰে মহানগৰীৰ চিটি চেন্টাৰত শুভাৰম্ভ হয় জনপ্ৰিয় বৰিষ্টা কেফে ৷ প্ৰথমবাৰৰ বাবে মহানগৰীত উপলব্ধ এই ইটালিয়ান কেফেখন মুকলি কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী ফেৰিপ্ৰিয়াই ৷ নতুনকৈ মুকলি হোৱা বৰিষ্টা কেফেক লৈ উৎফুল্লিত হৈ পৰিছে মহানগৰীৰ কফি প্ৰেমীসকলো ৷

এতিয়া মহানগৰীলৈতো উপলব্ধ বৰিষ্টা কেফে

উল্লেখ্য যে, প্ৰথমে শ্ৰীলংকাত মুকলি হোৱা বৰিষ্টা কেফে সম্প্ৰতি আঠখন দেশতে উপলব্ধ ৷ অসমতো প্ৰথমবাৰৰ বাবে উদীয়মান যুৱক গৌতম দত্তৰ প্ৰচেষ্টাৰে মুকলি কৰা হয় কেফেখন ৷ আটোমটোকাৰিকৈ সজাই পৰাই তোলা দৃষ্টিনন্দন কেফেখনৰ পৰিৱেশো অতি সুন্দৰ ৷ আনহাতে, বৰিষ্টা কেফেৰ দৰে বিপনী মহানগৰীত উপলদ্ধ কৰোৱাত সক্ষম হোৱা প্ৰতিস্থাপসকলক আন্তৰিক ওলগ জনাই অভিনেত্ৰী ফেৰিপ্ৰিয়াই ৷

ABOUT THE AUTHOR

...view details