গুৱাহাটী, 20 জুনঃমহানগৰীৰ মাজমজিয়াৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক ৷ বৃহস্পতিবাৰে হাতীগাঁও আৰক্ষী থানাত খোদ গৈ উপস্থিত হয় বাংলাদেশৰ পৰা অহা সুমন মিঞা নামৰ যুৱকজন ৷
চৰাঞ্চলৰ পৰা গুৱাহাটীৰ মজিয়া পালেহি বাংলাদেশী - বাংলাদেশী নাগৰিক
মহানগৰীৰ মাজমজিয়াৰ পৰা গ্ৰেপ্তাৰ হয় এগৰাকী বাংলাদেশী নাগৰিক ৷ চাকৰিৰ প্ৰলোভনেৰে দালালে অসমলৈ লৈ আনে সুমন মিঞা নামৰ বাংলাদেশী যুৱকজনক গ্ৰেপ্তাৰ কৰিছে সীমান্ত আৰক্ষীয়ে ৷
চৰাঞ্চলৰ পৰা গুৱাহাটীৰ মজিয়া পালেহি বাংলাদেশী
আৰক্ষীৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত কাম দিয়াৰ প্ৰলোভনেৰে বাংলাদেশী যুৱকজনক ৰেলেৰে লৈ আনিছিল এগৰাকী দালালে ৷ প্ৰথমে নতুন দিল্লীলৈ বুলি ৰেলযোগে অহা বাংলাদেশী যুৱকজনৰ পৰা দালালে লৈছিল সাতহাজাৰ টকা ৷ পৰৱৰ্তী সময়ত অসমত উপস্থিত হোৱা বাংলাদেশীটোক এৰি পলায় দালালগৰাকী ৷ গুৱাহাটীত আহি একো উৱাদিহ নাপাই নিজেই গৈ হাতীগাঁও আৰক্ষী থানা পায়গৈ বাংলাদেশী যুৱকজন ৷ বাংলাদেশৰ সুনামগঞ্জৰ পৰা অহা সুমন মিঞাক বৰ্তমানে সীমান্ত আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ৷