অসম

assam

ETV Bharat / state

অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব ব্যৱস্থা

অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ সকীয়নি

By

Published : Feb 27, 2019, 3:58 PM IST

SC student union

গুৱাহাটী, ২৭ফেব্ৰুৱাৰীঃ অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লাভ কৰা বিষয়া-কৰ্মচাৰীসকলৰবিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাই । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলতসংগঠনটোৰ বিষয়ববীয়াইদাবী কৰামতেঅসমত বাস কৰা পঞ্চাশ লাখ অনুসূচিত জাতিৰ লোক দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰি আছে ।

SC student union
বিগত সত্তৰ বছৰে জাতিটোৰ লোকসকলৰ মাজত উন্নয়নৰ প্ৰতিফলন দেখা নগ'ল বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

আনহাতে, বিজেপি চৰকাৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদসমূহ আজিকোপতি পূৰণ কৰিব পৰা নাই বুলি কৈ সংবিধানত কেৱল সামাজিকভাৱে পিছপৰা লোকৰ বাবে সংৰক্ষিত পদসমূহত বিজেপি চৰকাৰে অৰ্থনৈতিকভাৱে পিছপৰা লোকক সংৰক্ষণ দিব বিচাৰি ভাৰতীয় সংবিধানক অৱমাননা কৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

ABOUT THE AUTHOR

...view details