কাছাৰ, ২৫ ফেব্ৰুৱাৰীঃ শিলচৰ দিগৰখালত কয়লা ছিণ্ডিকেট চলিছে বুলি স্বীকাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। সোমবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দিগৰখালত ক'লা হীৰাৰ চিণ্ডিকেটৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা লোৱাৰ আহ্বান ৰঞ্জিত দাসৰ । সভাপতি গৰাকীয়ে কয়, কয়লা চিণ্ডিকেটক লৈ বিজেপিয়ে প্ৰতিবাদ কৰিছিল আৰু অনাগত দিনটো প্ৰতিবাদ কৰি যাব । ইয়াৰোপৰি যিকোনো চিণ্ডিকেট উৎখাত কৰাৰ মূল কাৰণ ভাৰতীয় জনতা পাৰ্টি বুলি দাবী কৰে শাসকীয় দলৰ ৰাজ্যিক সভাপতিজনে ।
কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ ৰঞ্জিত দাস - ৰঞ্জিত দাস
চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ
Breaking News
উল্লেখ্য যে, দিগৰখালত বিনাদ্বিধাই ক'লা হীৰা ছিণ্ডিকেট চলি অহা সন্দৰ্ভত খোদ বিজেপি সভাপতিয়ে দাবী কৰাৰ পাচত এতিয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব ।