গোলাঘাটত চাহ শ্ৰমিক সমিতিৰ প্ৰতিবাদ - চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি
অবৈধ লালীগুৰ কেবিনটৰ জড়িয়তে অসমত নিষিদ্ধ কৰাৰ দাবী চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ
গোলাগাট, ৬ মাৰ্চ: গোলাঘাটত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ গোলাঘাট আৰু যোৰহাট জিলাত ডেৰ শতাধিকতকৈ অধিক লোক চুলাই পান কৰি মৃত্যু হোৱা বিষয় সন্দৰ্ভতে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ প্ৰতিবাদত চুলাই পান কৰি মৃত্যু হোৱা ব্যক্তিসকলৰ সন্তানক সংস্থাপন দিবলৈ দাবী জনাই চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে৷ আনহাতে, সংগঠনটোৱে আৱকাৰী বিভাগৰ গাফিলতিৰ বাবেই ৰাজ্যত এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰে । পূৰ্বতে চুলাই বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে ৰাজ্যত এনেধৰণৰ কৰুণ ঘটনা সংঘটিত নহয় বুলিও দাবী জনাই । তাৰোপৰি সংগঠনটোৰ দাবী অবৈধ লালীগুৰ কেবিনটৰ জড়িয়তে অসমত নিষিদ্ধ কৰা, অসমখন সুৰা মুক্ত কৰি প্ৰতিটো দুৰ্ভগীয়া পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী জনোৱাৰ উপৰিও মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।