বৰপেটা, ৮ মাৰ্চঃ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মালৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিলে শংকৰদেৱ বঁটা । বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক, লোকশিল্পী, অভিনেতা, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক ২০১৭ বৰ্ষৰ শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৰাজ্য চৰকাৰে ৷ ওৰেটো জীৱন সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ কামত নিজকে সমৰ্পিত কৰি অহা বশিষ্ঠ শৰ্মাৰ নাম শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ খবৰে আনন্দিত কৰি তুলিছে সত্ৰনগৰী বৰপেটাবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীক ৷ এই বঁটা প্ৰাপ্তিৰ বাবে ৰাজ্য চৰকাৰৰ লগতে ৰাইজক ধন্যবাদ আৰু আশীৰ্বাদ প্ৰদান কৰিছে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷
বৰপেটা বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মালৈ শংকৰদেৱ বঁটা - barpeta
বশিষ্ঠ শৰ্মালৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিলে শংকৰদেৱ বঁটা । বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক, লোকশিল্পী, অভিনেতা, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক ২০১৭ বৰ্ষৰ শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৰাজ্য চৰকাৰে
উল্লেখ্য যে, ১৯৩৮ চনৰ ১ এপ্ৰিলত জন্মগ্ৰহণ কৰা সত্ৰীয়া সাধকগৰাকী শৈশৱৰেপৰাই সুন্দৰীদিয়া সত্ৰৰ সত্ৰীয়া পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈছিল ৷ সুন্দৰীয়া সত্ৰ গীত পদৰ মাজত ডাঙৰ দীঘল হোৱা শৰ্মাক প্ৰত্যক্ষ কৰা হৈছিল ড0 ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ বোলচবি খনতো । বিষ্ণুৰাভাৰ সৈতে বৰপেটাত অভিনয় কৰা, বৰপেটাৰ নাট্যক্ষেত্ৰৰ এগৰাকী অভিনেতা হিচাপে খ্যাতি অৰ্জন কৰা বশিষ্ঠ শৰ্মাই কেবাখনো বাংলা নাট অসমীয়ালৈ অনুবাদ কৰাৰ উপৰিও নিজে মঞ্চস্থ কৰিছিল ৷ তাৰোপৰি তেওঁৰ বহুতো মূল্যবান প্ৰৱন্ধ প্ৰকাশেৰে পাঠকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, শৰ্মাদেৱে গুৱাহাটী অনাঁতাৰ কেন্দ্ৰযোগে বহু ধৰ্মীয় আখ্যানৰ সাংগীতিক বিশ্লেষণ পৰিৱেশন কৰি শ্ৰোতাৰ সমাদৰ অৰ্জন কৰিছিল। জীৱনৰ শেষ দিনটোলৈকে গুৰুধৰ্ম প্ৰচাৰ কৰি, সাধু সংগ ভকত সংগ লৈয়েই শেষ বিদায় লব খোজে বুলিও বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই মন্তব্য কৰে ৷