অসম

assam

ETV Bharat / state

মহামাৰী ৰূপত এনকেফেলাইটিচঃ ৰাজ্যজুৰি হাই এলাৰ্ট; তৎপৰ স্বাস্থ্য বিভাগ - দিছ্পুৰ জনতা ভৱন

এনকেফেলাইটিছ সন্দৰ্ভত মহানগৰীৰ দিছ্পুৰ জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ ৰাজ্যত হাই এলাৰ্ট ঘোষণা প্ৰশাসনৰ

মহামাৰী ৰূপত এনকেফেলাইটিচঃ ৰাজ্যজুৰি হাই এলাৰ্ট; তৎপৰ স্বাস্থ্য বিভাগ

By

Published : Jul 6, 2019, 5:14 PM IST

গুৱাহাটী, 6 জুলাইঃ এনকেফেলাইটিছ সন্দৰ্ভত মহানগৰীৰ দিছ্পুৰ জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল৷ উল্লেখ্য যে, এইবছৰ 28 জুনৰ পৰা বৃদ্ধি পাইছে Japanese Encephalitis ত আক্ৰান্ত লোকৰ সংখ্যা আৰু প্ৰায় 30 গৰাকী লোক মৃত্যু হৈছে এই ৰোগত ৷

ইতিমধ্যে ৰাজ্যৰ ১০৯৪ গাঁৱত Japanese Encephalitis effected village হিচাপে চিহ্নিত কৰা হৈছে ৷ সেই অঞ্চল সমূহত স্বাস্থ্য বিভাগে যথেষ্ট গুৰুত্ব দিয়াৰ কথা প্ৰকাশ মন্ত্ৰী গৰাকীৰ । অঞ্চল সমূহত গঠন কৰা হৈছে কেইবাগৰাকীও চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ বিশেষ শিবিৰ । আনহাতে এই ৰোগত আক্ৰান্ত ৰোগীয়ে সময়মতে 102 আৰু 108 নাপালে যাতায়তৰ বাবেও 1000 টকাৰ সাহাৰ্য দিয়াৰ কথা ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ ৷লগতে মন্ত্ৰীগৰাকীৰ ঘোষণা আজিৰে পৰা বিনামূলীয়া হ'ব Japanese Encephalitis ত আক্ৰান্ত ৰোগীৰ চিকিৎসা ৷ ব্যক্তিগত হাস্পতালত থকা ৰোগী সকলকো ৰাজ্য চৰকাৰে প্ৰদান কৰিব এক লাখ টকাৰ এককালীন সাহাৰ্য ৷

মহামাৰী ৰূপত এনকেফেলাইটিচঃ ৰাজ্যজুৰি হাই এলাৰ্ট; তৎপৰ স্বাস্থ্য বিভাগ

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে বিশেষ গুৰুত্ব দিছে তেজৰ নমুনা পৰীক্ষাৰ ক্ষেত্ৰত ৷ প্ৰতিটো blood test ৰ বিপৰীতে স্বাস্থ্য কৰ্মী সকলক ৫ টকাকৈ দৰমহাৰ ওপৰত দিব ৰাজ্য চৰকাৰে ৷ ছেপ্টেম্বৰৰ 30 তাৰিখলৈকে চিকিৎসক , নাৰ্চৰ লগতে স্বাস্থ্য বিভাগৰ সকলো কৰ্মচাৰীৰ ছুটী বাতিল ৷ বিশেষ জৰুৰী কাৰণত চুটি ল’ব লগা হ’লে উপায়ুক্তৰ পৰা ল’ব লাগিব ছুটী ৷ কোনো চিকিৎসকে নিজৰ কৰ্তব্যস্থান এলেকাৰ পৰা আতঁৰত থাকিব নোৱাৰিব ৷এই নিৰ্দেশ অৱমাননা কৰিলে ভুক্তভোগীয়ে দাখিল কৰিব পাৰিব এজাহাৰ ৷

ABOUT THE AUTHOR

...view details