নিকা হোৱা নাই APSC গোচৰৰ তদন্ত
APSC গোচৰৰ তদন্ত নিকা হোৱাটো নিবিচাৰে বিজেপি চৰকাৰে৷ কেৱল নিম্ন পৰ্যায়ৰ তদন্ত চলাই এই গোচৰৰ গাপ দিব বিচাৰিছে চৰকাৰখনে৷
গুৱাহাটী,12 জুন: ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীৰ তদন্তৰ বাবে আবেদন জনাইছিল আৰ টি আই কৰ্মী ওক্ৰাম প্ৰচান সিঙে৷ কিন্তু বৰ্তমানেও এই গোচৰ নিস্পত্তি নোহোৱাত অসন্তুষ্টি ব্যক্ত কৰে ব্যক্তিগৰাকীয়ে৷ সাংবাদিকৰ আগত তেখেতে কয় যে "APSC গোচৰৰ তদন্ত নিকা হোৱাটো নিবিচাৰে বিজেপি চৰকাৰে৷ কেৱল নিম্ন পৰ্যায়ৰ তদন্ত চলাই এই গোচৰৰ গাপ দিব বিচাৰিছে চৰকাৰখনে৷ কিয়নো কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয় একাংশ বিজেপি নেতাৰ৷ এই ঘটনাত নাম সাঙোৰ খাই আছে বহু মন্ত্ৰী-আমোলাৰ নিকট আত্মীয়ৰ৷ যদি গোচৰটোৰ সম্পূৰ্ণ তদন্ত হয় তেন্তে জেললৈ যাব লাগিব এইসকল অভিযুক্ত৷" ওক্ৰাম প্ৰচান সিঙৰ এই অভিযোগ কিমান দূৰ সঁচা হয় সেয়া গোচৰৰ ৰায়দানৰ পাচত স্পষ্ট হৈ পৰিব৷