গুৱাহাটী, ৩ ফেব্ৰুৱাৰীঃ দেওবাৰে মহানগৰীৰ প্ৰগতিনগৰত সংঘটিত হয় তেনে এক ঘটনা । সাতগাঁওৰ প্ৰগতিনগৰত দেওবাৰে ৰাতিপুৱাই পৰিলক্ষিত হয় এটি নাহৰফুটুকী বাঘ ।
প্ৰগতিনগৰত আবদ্ধ বনৰজাঃ বনৰজাৰ আক্ৰমণত আহত এগৰাকী - গুৱাহাটী
মানৱ সভ্যতাৰ আগ্ৰাসনৰ লগে লগে সংকুচিত হৈ আহিছে বন্যজন্তুৰ আৱাসস্থলী । শেহতীয়াকৈ আৱাসস্থলী সংকুচিত হৈ অহাৰ ফলত খাদ্যৰ সন্ধানত গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী বনাঞ্চলসমূহৰ পৰা জনমানসলৈ ওলাই আহিব লৈছে বন্যজন্তু ।
ডাঃ তাইজুদ্দিন আহমেদৰ ঘৰত কাম কৰা এগৰাকী মহিলাই বাঘটো প্ৰথমে প্ৰত্যক্ষ কৰে । নাহৰফুটুকী বাঘটোৰ আক্ৰমণত মহিলাগৰাকী গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় । ইতিমধ্যে স্থানীয় সাতগাঁও আৰক্ষীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে আঘাটপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
সাতগাঁওৰ নিকটৱৰ্তী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা নাহৰফুটুকীটো প্ৰগতিনগৰৰ ললিত বড়োৰ ঘৰত আবদ্ধ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে । আনহাতে ৰাইজে বন বিভাগক খবৰ দিয়াৰ পিচটো বৰ্তমানলৈ ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ দল । স্থানীয় ৰাইজে জনোৱা মতে, বন বিভাগৰ হাতত বাঘটো সংজ্ঞাহীন কৰা সঁজুলি নথকাৰ ফলতে এতিয়ালৈকে ঘটনাস্থলীত উপস্থিত হোৱা বন বিভাগৰ দল ।