অসম

assam

ETV Bharat / state

মহা অম্বুবাচী মেলাৰ বাবে তৎপৰ কামৰূপ জিলা প্ৰশাসন - মা কামাখ্যা ধাম

মা কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'বলগীয়া মহা অম্বুবাচী মেলাৰ বাবে তৎপৰ হৈ উঠিছে জিলা প্ৰশাসন । ভক্তৰ সা-সুবিধা তথা নিৰাপত্তাৰ ক্ষেত্ৰতো সৱৰ হৈ পৰিছে জিলা প্ৰশাসন ।

Breaking News

By

Published : May 18, 2019, 7:35 PM IST

গুৱাহাটী, 18 মে’: শনিবাৰে কামৰূপ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ নেতৃত্বত পৰ্যটন নিগমৰ বিষয়াববীয়া, আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ এটা দলে পৰ্যবেক্ষণ কৰে নীলাচলৰ চৌপাশ । ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'বলগীয়া মহা অম্বুবাচী মেলাৰ বাবে সাজু হৈ উঠিছে জিলা প্ৰশাসন ৷

মহা অম্বুবাচী মেলাৰ বাবে তৎপৰ কামৰূপ জিলা প্ৰশাসন

পদব্ৰজে মন্দিৰলৈ অহা প্ৰতিটো পথ তন্ন তন্নকৈ নিৰীক্ষণ কৰাৰ লগতে ঠায়ে ঠায়ে চিচি টিভি কেমেৰা, স্কেনাৰ মেচিন, মেটেল ডিটেক্টৰৰো ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰিছে জিলা প্ৰশাসনে । জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে প্ৰকাশ কৰা অনুসৰি পূৰ্বৰ তুলনাত অধিক ভক্তৰ আগমন ঘটাৰ সম্ভাৱনা কমাখ্যা ধামলৈ ৷ যাৰ বাবে শিবিৰৰো সংখ্যা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ উপায়ুক্তগৰাকীৰ ৷

ABOUT THE AUTHOR

...view details