গুৱাহাটী, 6 মে’: অতি শীঘ্ৰে অসমত গঠন হ’ব বিকল্প ৰাজনৈতিক মঞ্চৰ । খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে গঠন হ’ব এই মঞ্চ । এই সিদ্ধান্ত প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাৰ । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এই কথা ঘোষণা কৰে প্ৰব্ৰজন বিৰোধী মঞ্চ তথা গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী উপমন্যু হাজৰিকাই । সংবাদমেলত হাজৰিকাৰ বিস্ফোৰক অভিযোগ পুত্ৰক নিৰ্বাচনত জয়ী কৰিবলৈ তৰুণ গগৈয়ে কৈছিল খিলঞ্জীয়া ৰক্ষাৰ কথা,কিন্তু ইয়াৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে মুছলমানৰ ভোট বিচাৰিছে গগৈয়ে । আগন্তুক মে’ অথবা জুন মাহত বিকল্প ৰাজনৈতিক দল গঠনৰ আনুষ্ঠানিক ঘোষণা । ১৯৫১ ৰ এন আৰ চিৰ মতে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ পক্ষত হ’ব এই নৱগঠিত দলটো ।
ৰাজ্যত গঠন হ’ব বিকল্প ৰাজনৈতিক মঞ্চ
খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে গঠন হ’ব বিকল্প ৰাজনৈতিক মঞ্চৰ ৷
ৰাইজ্যত গঠন হব বিকল্প ৰাজনৈতিক মঞ্চৰ
আৰু পঢ়ক: উগ্ৰতাৰাৰ পাচত মহানগৰীৰ কোন নামঘৰত চুৰিকাণ্ড?
খিলঞ্জীয়া অধিকাৰ, খিলঞ্জীয়া নিৰাপত্তাৰ বাবে দলটোৱে কাম কাজ কৰিব বুলি সংবাদমেলত মন্তব্য কৰে উপমন্যু হাজৰিকাই । লগতে খিলঞ্জীয়াৰ দল,খিলঞ্জীয়াৰ বিষয় হিচাপে বিবেচিত হ’ব সকলো ক্ষেত্ৰত ।