টীয়কত উদযাপন আলি আয়ে লৃগাং
ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কৃষিজীৱি মিচিং সকলে পালন কৰে আলি আয়ে লৃগাং
যোৰহাট, ২০ ফেব্ৰুৱাৰীঃ টীয়কৰ সোণাৰী মিচিং গাৱঁত উদযাপন মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আয়ে লৃগাং। পৰম্পৰাগতভাৱে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কৃষিজীৱি মিচিং সকলে পালন কৰে এই আলি আয়ে লৃগাং। বুধবাৰৰ দিনটো পৱিত্ৰ বাৰ হিচাপে বিশ্বাস কৰে মিচিংসকলে ৷ সেয়েহে বসুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য শস্য উৎপাদন কৰা মিচিং সকলে বসন্তৰ আৰম্ভণিতে ফাগুনৰ প্ৰথমটো পৱিত্ৰ দিন বুধবাৰে পালন কৰে আলি আয়ে লৃগাং ৷ মিচিং ভাষাত আলি মানে মূল বা কাণ্ড, আ:য়ে মানে গুটি বা কঠিয়া আৰু লৃগাং মানে ৰোপন বা সিঁচা আৰম্ভ কৰা দিন ৷