গুৱাহাটী, 12 এপ্ৰিলঃ নিশা মহানগৰীৰ আদাবাৰীত অঘটন । আদাবাৰী এন আৰ এল পেট্ৰ’ল পাম্পত তেল ভৰাবলৈ যাওঁতেই হঠাৎ জ্বলি উঠিল এখন নতুন অল্টো K10 বাহন । শ্ব'ৰুমৰ পৰা বাহনখন ক্ৰয় কৰি গৰাকীয়ে তেল ভৰাব যাওঁতেই সংঘটিত হয় এই ঘটনা । কথমপি প্ৰাণৰক্ষা পৰে বাহনখনত থকা দুটি শিশু, এহাল দম্পতী তথা বাহনখনৰ চালকজনৰ ।
নতুন বাহনত লাগিল জুই - etv bharat
গুৱাহাটীৰ আদাবাৰীত সংঘটিত হয় এই ভয়ানক ঘটনা ৷ কথমপি প্ৰাণৰক্ষা পৰে বাহনখনত থকা দুটি শিশু, এহাল দম্পতীৰ লগতে বাহনখনৰ চালকৰ ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই ৷
![নতুন বাহনত লাগিল জুই](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2978064-thumbnail-3x2-noname.jpg)
etv bharat
তেল ভৰাই থাকোতেই অগ্নিসংযোগ নতুনকৈ ক্ৰয় কৰি অনা এখন এল্টো বাহনত
উল্লেখ্য যে, আদাবাৰীস্থিত বিমল অটো এজেঞ্চিৰ পৰা বাহনখন নতুনকৈ ক্ৰয় কৰি আনিছিল উত্তৰ গুৱাহাটীৰ গজেন্দ্ৰ বৰা নামৰ লোকজনে । যান্ত্ৰিক বিজুটিৰ বাবে বাহনখন জ্বলি উঠাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ উপশম কৰে বাহনখনৰ জুই ।