গুৱাহাটী, 30 মে': বুধবাৰে নগাঁও জিলাৰ চামগুৰিৰ বৰমাত ১৩-১৪ জনীয়া দুৰ্বৃত্তৰ দল এটাই বিধায়ক ৰকিবুল হুছেইন আৰু নূৰুল হুদাৰ বাহনত আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা দলে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক সাক্ষাৎ কৰে । প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত কংগ্ৰেছ দলটোৱে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক সাক্ষাৎ কৰি আক্ৰমণৰ লগত জড়িত দুৰ্বৃত্তক অতি শীঘ্ৰেই আটক কৰি শাস্তি প্ৰদানৰ দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰে ৷ ৰকিবুল হুছেইন আৰু নূৰুল হুদাৰ বাহনত আক্ৰমণৰ লগত বিজেপি কর্মী জড়িত থকাৰ অভিযোগ উত্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ লগতে তেওঁ কয় যে,পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু অভিযোগ দিয়াৰ পিছতো আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।
ভয়-ভাবুকি প্ৰদান কৰি বিজেপিয়ে আমাক দমন কৰিব নোৱাৰেঃ ৰকিবুল হুছেইন - কুলধৰ শইকীয়া
আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক স্মাৰকপত্ৰ প্ৰদান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ । প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত কংগ্ৰেছ দলটোৱে প্ৰদান কৰে স্মাৰকপত্ৰ
![ভয়-ভাবুকি প্ৰদান কৰি বিজেপিয়ে আমাক দমন কৰিব নোৱাৰেঃ ৰকিবুল হুছেইন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3425844-thumbnail-3x2-cong.jpg)
আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক স্মাৰকপত্ৰ প্ৰদান কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা দলে
আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক স্মাৰকপত্ৰ প্ৰদান কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা দলে
উল্লেখ্য যে,চামগুৰিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপিক আক্ৰমণ কৰি কয় যে,"এনে ধৰণৰ ঘটনাই আমাক দুৰ্বল কৰিব নোৱাৰে। আমাক ভয়-ভাবুকি প্ৰদান কৰি বিজেপিয়ে কেতিয়াও দমন কৰিব নোৱাৰে" তাৰোপৰি হুছেইনে কংগ্ৰেছ কর্মী সকলক পূৰ্বতকৈ অধিক আত্মবিশ্বাসেৰে ৰাইজৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়।