গুৱাহাটী, 20মাৰ্চঃ লক্ষ্য লোকসভা নিৰ্বাচন! ১৯ বছৰৰ পাচত আছুক বিদাই মণিৰ।বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত বুধবাৰেঅগপত যোগদান কৰিলে আছুৰ প্ৰাক্তনউপসভাপতি মণি মাধৱ মহন্তই । মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ তথা আছুৰ প্ৰাক্তন উপসভাপতি গৰাকীক অগপত যোগদানৰ পূৰ্বে ঢোলে-ডগৰে অগপৰ আমবাৰী কার্যালয়লৈআদৰি আনে অগপৰ শতাধিক নেতা-কৰ্মীয়ে। মণি মহন্তৰ লগতে আছু আৰু যুৱ কংগ্ৰেছৰোকেইবাগৰাকী নেতাইআজি আনুষ্ঠানিক ভাৱে অগপত যোগদান কৰে। যোগদানৰ পিছত মণি মাধৱ মহন্তই সাংবাদিক কয় যে, ''মইজয় আই অসমৰ পৰা জয় আই অসমলৈ আহিছে'' । দলে যি দায়িত্ব দিয়ে সেয়া তেঁও পালন কৰিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে।
যোগদান অনুষ্ঠানত অগপৰ সভাপতি অতুল বৰাই অগপ আৰু বিজেপিৰ মিত্ৰতাক লৈবিৰোধী দলে অপপ্ৰচাৰ চলাই আহিছেবুলি মন্তব্য প্ৰকাশ কৰিকয় যে, ''অসমৰ ৰাইজে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব নালাগে''। অগপই অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰি যাব বুলিও সভাপতি গৰাকীয়ে প্ৰকাশ কৰে।