অসম

assam

বনৰৌ বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ বহিঃ ৰাজ্যৰ দুই চোৰাং চিকাৰী

By

Published : Jun 22, 2019, 6:56 PM IST

দক্ষিণ গুৱাহাটী বন সংমণ্ডল,মইনাখোৰং বনসংমণ্ডল আৰু ক্ৰাইম কন্ট্ৰল ব্যুৰোৰ সহযোগত মহানগৰীৰ আই এচ বিটিৰ সমীপত অভিযান। অভিযানত জব্দ দুষ্প্ৰাপ্য বনৰৌ

বনৰৌ বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ বহিঃ ৰাজ্যৰ দুই চিকাৰী

গুৱাহাটী, 22 জুনঃ ৰাজধানী চহৰ গুৱাহাটীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চোৰাং বন্যপ্ৰাণীৰ চোৰাং বেহা ৷ প্ৰতি দিনে অন্যান্য চোৰাং বনজ সামগ্ৰীৰ লগতে মহানগৰীৰ পৰা সৰবৰাহ হৈ আহিছে দুষ্প্ৰাপ্য প্ৰজাতিৰ বনৰৌ । দক্ষিণ গুবাহাটী বন সংমণ্ডল,মইনাখোৰং বনসংমণ্ডল আৰু ক্ৰাইম কন্ট্ৰল ব্যুৰোৰ সহযোগত যুটীয়াভাৱে আন্তঃৰাজ্যিক বাছ আস্থানত( ISBT)ত চলা অভিযানৰ পিছত পোহৰলৈ আহে এই কথা । অভিযানত ৬.৩ কিলোগ্ৰাম ওজনৰ বনৰৌসহ গ্ৰেপ্তাৰ দুই বহিঃ ৰাজ্যৰ সৰবৰাহকাৰী । ধৃত মিচেল পালমাৰ আৰু বিৰি হাচী নামৰ লোক দুজনৰ ঘৰ ক্ৰমে অৰুণাচল আৰু মেঘালয়ত বুলি জানিব পৰা গৈছে ৷

বনৰৌ বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ বহিঃ ৰাজ্যৰ দুই চিকাৰী

ধৃত চোৰাং চিকাৰী দুটাৰ পৰা চোৰাং কাৰ্যত ব্যবহাৰ কৰা ML-O5M-9794 নম্বৰৰ বাহনৰ লগতে এটা সৰু ওজন জোখা মেচিন আৰু ধন নিবলৈ অনা এটা বেগ জব্দ কৰে বন বিভাগে। উল্লেখ্য যে,এক কোটি টকাত বিক্ৰীৰ বাবে আনিছিল বনৰৌটো । সম্প্ৰতি বন বিভাগৰ লোকে দুই চোৰাং চিকাৰীক মাৰাথন জেৰা অব্যাহত ৰাখিছে , আনহাতে আবেলিৰ ভাগত বনৰৌটো অসম ৰাজ্যিক চিৰিয়াখানাত গটাই দিয়ে বন বিভাগৰ লোকে ।

লগতে পঢ়কঃ বৰপেটাত গাঁও পঞ্চায়তৰ ভৱন নিৰ্মাণক লৈ সংঘাত

ABOUT THE AUTHOR

...view details