এনআৰচিৰ আতংক ! বিগত এটা বৰ্ষত ৰাজ্যত আত্মহত্যা পাঁচজনৰ, নিহত 50 !
এনআৰচিক লৈ বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ সাংসদ ৰিপুন বৰাৰ ৷ নতুন দিল্লীত থকা সাংসদগৰাকীৰ মতে ৰাজনৈতিক বিশৃংখলতা, অসম চৰকাৰৰ বিষয়াৰ অনভিজ্ঞতা আদি বিভিন্ন কাৰণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰিছে লাখ-লাখ প্ৰকৃত ভাৰতীয়ৰ নাম ৷
সাংসদ ৰিপুন বৰা
নতুন দিল্লী, 20 জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আতংকত পাঁচজনকৈ লোকে আত্মহত্যা কৰাৰ লগতে মৃত্য়ুবৰণ কৰিছে 50ৰো অধিক লোকে ৷ এই দাবী আমাৰ নহয়, এই দাবী সাংসদ ৰিপুন বৰাৰ ৷ শনিবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ সাংসদ ৰিপুন বৰাই ৷ এনআৰচিক লৈ কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰ আৰু অসম চৰকাৰৰ সীমান্ত আৰক্ষীৰ লগতে এন আৰ চিৰ দায়িত্বত থকা বিষয়াসকলৰ স্বাৰ্থপৰতা লুকাই থকা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদগৰাকীয়ে ৷