গুৱাহাটী, 3 মাৰ্চঃ পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব ইণ্ডিয়ান এছোচিয়েচন অৱ গেচট্ৰ'ইনটেষ্টিনেল এণ্ড চাৰ্জনছৰ 17 সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন ৷ দেওবাৰে গুৱাহাটীৰ মালিগাঁওস্থিত স্বাগথ হাস্পতালত এই কথা প্ৰকাশ কৰে সন্মিলনৰ সভাপতি তথা বিশিষ্ট চিকিৎসক ডাঃ সুভাষ খান্নাই ৷
মহানগৰীত অনুষ্ঠিত হ'ব অহা বৰ্ষৰ IAGES 2020 শীৰ্ষক অনুষ্ঠান - Swagath Hospital
গুৱাহাটীত অনুষ্ঠিত হ'ব ইণ্ডিয়ান এছোচিয়েচন অৱ গেচট্ৰ'ইনটেষ্টিনেল এণ্ড চাৰ্জনছৰ ১৭ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন ৷

চলিত বৰ্ষৰ 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ ওড়িশ্যাৰ ৰাজধানী ভুৱনেশ্বৰত অনুষ্ঠিত হৈছিল ইণ্ডিয়ান এছোচিয়েচন অৱ গেচট্ৰ'ইনটেষ্টিনেল এণ্ড চাৰ্জনছৰ 16সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ 2020 বৰ্ষৰ ৰাষ্ট্ৰীয় সন্মিলনখনি গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰে সন্মিলনৰ বিষয়ৱবীয়াসকলে ৷ মহানগৰীৰ শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত 2020 বৰ্ষৰ 7 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব এই সন্মিলনখনি ৷
সন্মিলনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু শল্য চিকিৎসক, খ্যাতনামা লেপাৰস্কপিক শল্য চিকিৎসক, গেচট্ৰ'ইনটেষ্টিনেল শল্য চিকিৎসকৰ লগতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ সন্মিলনৰ লগত সংগতি ৰাখি আয়োজন কৰা হ'ব বিভিন্ন কৰ্মশালাৰ লগতে লাইভ চাৰ্জাৰী ৷ অনুষ্ঠানত পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে Recent Advances in Minimal Access Surgeryৰ নামে আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা এখনৰ প্ৰথমটো সংস্কৰণ মুকলি কৰা হয় ৷ অসমৰ এখন আগশাৰীৰ জনপ্ৰিয় বাতৰি কাকত (অসমীয়া প্ৰতিদিন)ৰ মুখ্য সম্পাদক নিত্য বৰাই উন্মোচন কৰে পত্ৰিকাখন ৷