নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰীঃকোকৰাঝাৰৰ ডাইনী হত্যাৰ লগত জড়িত ১১ জনক আটক। ঘটনাত বৰ্তমানলৈ আটক ১৭ জন অভিযুক্ত।
ধুবুৰী-কোকৰাঝাৰ সীমান্তৰ মদাতী গাঁৱত ডাইনী সাজি গাঁওবাসীয়ে হানি-খুচি আক্ৰমণ কৰিছিল এটা পৰিয়ালক। গাঁওবাসীৰ প্ৰহাৰত নিহত হৈছিল নিৰ্জন ৰাভা নামৰ এজন ব্যক্তি। বৰ্তমানেও চিকিৎসাধীন হৈ পৰিয়ালটোৰ দুজন সদস্য।
কোকৰাঝাৰত ডাইনী হত্যাৰ অভিযোগত ১১ জনক আটক - ইটিভি ভাৰত
বৰ্তমানেও চিকিৎসাধীন হৈ পৰিয়ালটোৰ দুজন সদস্য
![কোকৰাঝাৰত ডাইনী হত্যাৰ অভিযোগত ১১ জনক আটক](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2528432-809-92fd1a09-cdb0-473f-9f63-639f737b08a0.jpg)
etv bharat
witch hunting
ঘটনা সন্দৰ্ভত পূৰ্বেই আৰক্ষীয়ে আটক কৰিছিল গাঁওখনৰ গাঁওবুঢ়াসহ ৬ জনকৈ অভিযুক্তক। তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ অন্তত শুকুৰবাৰে নিশা আৰক্ষীয়ে পুনৰাই আটক কৰে ১১ জন অভিযুক্তক। আটক হোৱা লোক কেইজন ক্ৰমে,য'শ কুমাৰ ৰাভা,ফুকন ৰাভা,যুধিষ্ঠিৰ ৰাভা,ম'বিল চন্দ্ৰ ৰাভা,মাজেন্দ্ৰ ৰাভা,মালেন্দ্ৰ ৰাভা,শৈলেন্দ্ৰ ৰাভা,মোছন ৰাভা,অ'লক ৰাভা,মেহেন্দু ৰাভা আৰু মিতেন ৰাভা । আটাইকেইজনে কোকৰাঝাৰ আদালতত হাজিৰ কৰাই অধিক তথ্যৰ বাবে আৰক্ষীৰ জিম্মালৈ আনিব বুলি জানিবলৈ দিছে কোকৰাঝাৰ আৰক্ষীয়ে।