শিলচৰ, ৯ নৱেম্বৰ : সুৰাৰ বাবেই কাছাৰৰ লক্ষীপুৰ বড়মামদা গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । সুৰামত্ত পাঁচ যুৱকৰ চোকা অস্ত্ৰৰ আক্ৰমণত মৃত্যু হয় এক যুৱকৰ । নিহত যুৱকজন কৃষ্ণধন সিংহ বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ ঘৰ সোণাইৰ কাপ্তানপুৰত।
জানিব পৰা মতে, মঙলবাৰে নিশা কৃষ্ণধন সিংহ আৰু তেওঁৰ এজন সহপাঠীয়ে লক্ষীপুৰ ফুলেৰতলস্থিত এক সুৰাৰ আড্ডালৈ গৈছিল । সুৰাৰ আড্ডাতে পাঁচজন যুৱকৰ লগত কিবা এটা বিষয়ক লৈ কৃষ্ণধন সিংহৰ কাজিয়াৰ সুত্ৰপাত হয় । তাৰ পিচতে স্থানীয় একাংশ লোকৰ হস্তক্ষেপত ঘটনাৰ মীমাংসা হয় ৷ স্থানীয় লোকে কৃষ্ণধন সিংহ আৰু তেওঁৰ বন্ধুক আক্তাৰ হুছেইনক ঘৰলৈ যাবৰ বাবে পৰামৰ্শ দিয়ে ।
স্থানীয় সকলৰ পৰামৰ্শমতে কৃষ্ণধন আৰু তেওঁৰ বন্ধু আক্তাৰ হুছেইনে নিজ চাৰিচকীয়া বাহনেৰে যোৱাৰ সময়তে পাঁচ যুৱকৰ মাজত এজনৰ গাত বাহনৰ অলপ লাগি যায় ৷ আৰু এই কাৰ্যত যুৱক পাঁচজন ক্ষোভিত হৈ পৰে । তাৰ পিচতে পাঁচজন যুৱকে কৃষ্ণধনৰ বাহনখনক খেদি লৈ গৈ বড়মামদা অঞ্চলত ৰখায় । বাহনখনৰ পৰা কৃষ্ণধনক নমাই সুৰামত্ত পাঁচ যুৱকে চোকা অস্ত্ৰৰে দলৱদ্ধভাৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে । পাঁচ যুৱকৰ হাতৰ পৰা পলাই যাবলৈ সক্ষম হয় কৃষ্ণধনৰ বন্ধু আক্তাৰ হুছেইন ।